লোক-বিশ্বাসত তামোল-পাণ

তামোল-পাণৰ অসমত বিশেষ প্রচলন। ভোজবিলাসৰ বস্তু হিচাপে প্রয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্রয়োজন হয়। হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্যেতৰসকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। সংস্কৃত ভাষাত তামোল শব্দটোৰ ব্যৱহাৰ আছে যদিও ই অৰ্বাচীন। এই প্ৰসংগত তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী, পুগফলম্, গুৱাক আদি শব্দও তাৎপৰ্য-পূৰ্ণ। এই শব্দসমূহ সম্ভৱতঃ আৰ্যেতৰ ভাষাভাষীসকলৰপৰা আহিছে। জ্যঁ পুছিলুস্কিয়ে (Jean Przyluski) মন্‌খেমৰ বুল্ ধাতুৰ লগত তম্ উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিষ্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে। পুছিলুস্কিৰ মতে তামোল-পাণৰ লগত জড়িত পোণ, গণ্ডা, কবি, বীড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মন্‌খেমৰ ভাষাৰ পৰা।

N. M. Penzer The Romance of Betel-Chewing নামৰ সুদীৰ্ঘ প্ৰবন্ধত তামোল খোৱা প্ৰথা ভাৰতবৰ্ষ, দক্ষিণ তিব্বত, দক্ষিণ চীন, শ্যাম, ইন্দোচীন, মালয়, ইষ্ট-ইণ্ডিয়ান আৰ্কিপেলেগু, মাইক্ৰনেছিয়া আৰু নিউগিনিৰ মাজত সীমাবদ্ধ কৰিছে। লেব্ৰুনাই Journal of Oriental Research, Madras অত প্ৰকাশিত প্ৰবন্ধত এই সীমাৰেখা কিছু বহলাই ধৰিছে। তেওঁ কৈছে, “মাদ্ৰাছ আৰু পাঞ্জাৱৰ পৰা এডাল ৰেখা সিন্ধুনদীৰ ওচৰেদি এচিয়া চুই যোৱাকৈ টনা হওক। তাৰপৰা ৰেখাডাল ইয়াংচি নদীৰ ফালে বঢ়াই দি ফৰ্মোচা আৰু ফিলিপাইনৰ মাজেদি লৈ যোৱা হওক। এই পৰিধিৰ ভিতৰত ব্ৰহ্মদেশ, শ্যাম আৰু ইণ্ডোচীনকো সামৰি লোৱা হওক। এতিয়া এই দীঘলীয়া সীমাৰ ভিতৰত যিটো অঞ্চল পৰিব, তামোল-খোৱা লোকৰ অঞ্চল বুলি সম্ভৱতঃ তাক ধৰিব পাৰি। এই সীমা আৰু বঢ়াই দিব পৰা হয়। মলুকাচ, মেবিয়ানা দ্বীপপুঞ্জ, কেৰোলিনাচ, চলোমন দ্বীপপুঞ্জ, ফিজি, বিছমাৰ্ক উপদ্বীপ, নিউগিনি আৰু বি-ইউনিয়ন দ্বীপপুঞ্জক বৃত্তাকাৰে লৈ ৰেখাটো ভাৰত মহাসাগৰৰ ফালে নি তাৰপৰা টোৰেছ প্ৰণালীৰ মাজেদি টাইমৰলৈ বঢ়াই দিয়া হওক। তাৰপৰা সুন্দ দ্বীপপুঞ্জৰ দক্ষিণ সীমালৈকে—এই যিটো অঞ্চল হ’ব—তাৰ ল’ৰা-বুঢ়া, পুৰুষ-স্ত্ৰী, ৰজা-প্ৰজা নিৰ্বিশেষে সকলো জাতি আৰু ধৰ্মৰ মানুহৰ মাজতে তামোল খোৱা অভ্যাসটো ব্যাপকভাৱে প্ৰচলিত।”কোনো কোনোৰ মতে তামোল খোৱা প্ৰথাটো দ্ৰাবিড়ীয় প্ৰথা। কাৰণ Betel (তামোল) শব্দটোৱেই মালয়ালম ভাষাৰ বেটিল্লা শব্দৰ পৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে। Areca (তামোল) শব্দটোৰো উৎপত্তি দাক্ষিণাত্যতে। কানাড়ী “অড়িকে” শব্দৰ পৰা এই শব্দটো আহিছে। মহামহোপাধ্যায় কানেৰ মতে দক্ষিণ ভাৰতত তামোলৰ প্ৰৱৰ্তন সম্ভৱতঃ খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰ কিছুদিনৰ পূৰ্বে। ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ ভাৰতলৈ বিয়পে।

ঋগ্বেদক ধৰি প্ৰাচীন সংস্কৃত সাহিত্যত ক’তো তামোল খোৱা প্ৰথাৰ বা তাম্বুল শব্দটোৰ উল্লেখ নাই। তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়। জাতকৰ এটা আখ্যানত বুদ্ধই তামোল খাবলৈ অমান্তি হোৱাৰ উল্লেখ আছে; অৱশ্যে অৱদানশতকে বুদ্ধই তামোল খোৱাৰ ইঙ্গিত দিয়ে। ভোজনৰ পিছত তামোল খোৱা প্ৰথাৰ বিধান স্মৃতিশাস্ত্ৰত আছে। বাৎস্যায়নৰ কামশাস্ত্ৰত দাঁত ঘঁহি মুখ ধোৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে। প্ৰেম-নিবেদনৰ সময়ত প্ৰেমিক-প্ৰেমিকাই পৰস্পৰে প্ৰিয়জনৰ গাত পাণ আৰু চন্দনৰ প্ৰলেপ ছটিয়াই ইজনৰ মুখৰ তামোল সিজনৰ মুখত দিব লাগে বুলি উপদেশ দিয়া হৈছে (বদনেন তাম্বুলম্)। চৰক, সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে। বৰাহমিহিৰে বৃহৎ-সংহিতাত তামোলৰ বিভিন্ন গুণৰ কথাৰ উল্লেখ কৰাৰ উপৰিও মালা অঞ্চলত, অৰ্থাৎ মালাবাৰ উপকূলত ইয়াৰ প্ৰাচুৰ্যৰ বৰ্ণনা কৰিছে।পূজা-উপচাৰৰ অন্যতম উপকৰণ স্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে (তাম্বুল-দক্ষিণা)। অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰলিপিতো কৰা হৈছে। বলবৰ্মাৰ শাসনত প্ৰাগজ্যোতিষ নগৰৰ তামোলৰ গছ পাণেৰে বেষ্টিত আৰু কৃষ্ণ অগৰু গছক ইলাচি লতাই মেৰাই ধৰিছিল বুলি বৰ্ণনা আছে (তাম্বুলৱল্লী-পৰিণদুপুঙ্গং কৃষ্ণাগুৰুস্কন্ধ নিবেশিতৈলং)। সপ্তম শতিকাৰ আদিত্যসেনৰ অপ্সদ লিপিত লৌহিত্যপাৰৰ বৰ্মণীয় তামোল-পাণৰ বাৰীৰ ছাঁত সিদ্ধসকলে শয়ন কৰা বুলি উল্লেখ আছে। গুৱাক শব্দৰ পৰাই গুৱাহাটীৰ উৎপত্তি বুলি সাধাৰণৰ বিশ্বাস। তামোল শব্দৰ পৰাও অসমৰ ভালেমান ঠাইৰ নাম হৈছে, যেনে, তামোলবাৰী, তামুলীছিগা।

অসমত তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচলিত বিষয়ে যোগিনীতন্ত্ৰৰ শ্লোক এটাৰ পৰাই বুজিব পাৰি। শ্লোকটোত অসমীয়া তিৰোতাই সকলো সময়তে তামোল চোবোৱাৰ উল্লেখ কৰা হৈছে (তাম্বুলাসা সদা ভৱেৎ)। 

অসমৰ লোক-সংস্কৃতি

পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰণে তামোল খোৱাত সামাজিক বাধা-নিষেধ নাই। আনকি দাঁত নোহোৱা বুঢ়ায়ো খুন্দনাত খুন্দি তামোল খায়। আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়াসকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল। সত্ৰসমূহতো গুৱাকটা বাব আছে। মোমাই তামুলীৰ বৰ-বৰুৱা পদোন্নতিৰ ঘটনাৰপৰাই আহোম ৰজাসকলে তামোল-পাণৰ বাৰীৰ প্ৰতি কিমান গুৰুত্ব আৰু উৎসাহ দিছিল বুজিব পাৰি।

বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰ্মবন্ধা ৰীতি। অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া, “আগফাল শুৱনি কাকিনী তামোল, পাছফাল শুৱনি পাণ।” তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে।

আমাৰ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বা গুৱা-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ। গুৰু-গোসাঁইলৈ বা সদৌ-ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ-অনুষ্ঠানত অথবা অপায়-অমঙ্গলৰ সময়ত গুৰু-ঘৰলৈ, নাম-ঘৰলৈ, দেৱতা বা অপদেৱতালৈ গুৱা-পাণ আগবঢ়োৱা হয়। আলহী অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়। তামোল-খনৰ যোগেদি গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান-প্ৰদানত বন্ধুত্ব স্থাপনো হয়। ৰাজহুৱা দায়-জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি।

ডেকা-গাভৰুৰ প্ৰেম-নিবেদন, বিবাহ আৰু বিবাহ-বিচ্ছেদৰ ক্ষেত্ৰতো তামোলৰ বৈচিত্ৰ্যপূৰ্ণ ভূমিকা আছে। ডেকা-গাভৰুৱে তামোলৰ বিনিময়ে ইজনে সিজনক প্ৰেম-নিবেদন কৰাৰ ৰীতি এতিয়াও গাঁৱত আছে। বিহু-গীতত এনে প্ৰেম-প্ৰীতিৰ আৱেগময় চিত্ৰ আছে:

কিনো তামোলখনি
দিলা মোৰ মইনা
অতি চেনেহেৰে খালোঁ।
সেই নো তামোলখন
খাবৰে পৰা
তোমাৰ লগত চিনাকি হ’লোঁ।

বিবাহৰ নিমন্ত্ৰণ-কাৰ্যতো তামোল-পাণৰ প্রয়োজন। তামোল-পাণ কুৰি-ওৱা আদি কাৰ্যৰ মাজেদি তিৰোতাৰ কলা-সুলভ মনৰ পৰিচয় পোৱা যায়। বিয়াৰ  ভালেমান ক্ৰিয়া-কাৰ্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়াৰ কেইদিনমান দৰা-কন্যাই এযোৰ পাণ-তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে। বিবাহ-অনুষ্ঠান শেষ হ’লে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে। দৈয়ন দিওঁতেই পাণৰ প্রয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা-কোঠাৰ দুৱাৰ-দলিত পীৰা এখন পাৰি বহুওৱা হয়। কন্যাৰ মাক বা আন কোনো সম্বন্ধীয়া তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঁঠু কাঢ়ে; পাণ দুখন দৈ-গাখীৰত জুবুৰিয়াই কন্যাৰ গাল, বাহু, ভৰিত সানি দিয়ে। কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদী গমনত দৰা-কন্যাই সাতখিলা পাণ গছকাৰ বিধি। অসমৰ কোনো কোনো অঞ্চলত ‘পাণ-ছিঙা’ প্ৰথাৰে বিবাহ-বিচ্ছেদ হয়।

আহোমৰ চকলং বিবাহ-পদ্ধতিত তামোল-পাণৰ প্রয়োজনৰ বিষয়ে বুৰঞ্জীত আছে—“সোণৰ বাটি এটা ভৰাই দৈ, আৰোঁ গাখীৰ, মৌ, চেনী, ঘিউ মিহলোৱা পঞ্চামৃত এবাটি আনি বজাৰ ওচৰত দিব। তাৰে পৰা আঙুলি লগাই আনি মুখলৈ টোৱাই সুঁঘি পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব। এইদৰে পুনঃ পুনঃ একৈশবেলি পঞ্চামৃত সুঁঘি ২১ ডাল খৰিকা, ২১ চলু পানী, ২১ খন থুৰীয়া তামোল চোবাই পেলাব পায়।” (দেওধাই অসম বুৰঞ্জী, ১৩৫)।

অসমৰ দৰে ভাৰতৰ অন্য প্ৰদেশত কোমল তামোল অথবা পনিয়লী-তামোল অথবা কেঁচা-তামোল খোৱাৰ প্ৰথা নাই। তামোল গাঁতত পুতি ভৱিষ্যতলৈ সাঁচাৰ নিয়মটোও অসমীয়াৰ নিজা। অসমত কোমল তামোলৰ প্ৰচলনৰ বিষয়ে ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ হৰিৎ বৰ্ণৰ কেঁচা তামোলৰ ঠোক উপহাৰ দিয়া কথাৰ পৰাই বুজিব পাৰি (পৰিণত পাটল-পটোলম্বিংষি চ তৰুণহাৰীত-হৰিতিং ক্ষীৰক্ষাৰিণি চ পূগানাং পল্লৱলম্বীনি সৰসানি ফলানি)। গুৰু-ঘৰলৈ ঠোক-তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত। মুছলমান ঐতিহাসিকেও অসমীয়া মানুহে কেঁচা তামোল খোৱা প্ৰথালৈ লক্ষ্য কৰি গৈছে। কেঁচা তামোল খোৱা প্ৰথা শ্যামী আৰু ভিয়েটনামীসকলৰ মাজতো আছে।

লাকে জাত বিহু-নামত
নোখোৱা

নিদান গ্ৰন্থ-লৌকিক তামোল-উদ্ধৃত

সংস্কৃত সাহিত্যত কৰ্পূৰ, কংকোল, লৱঙ্গ, জাতিফলৰ লগত মিহলাই তামোল খোৱাৰ নিয়ম বুলি কোৱা হৈছে। এই আটাইকেইটা মিলি হৈছে ‘পঞ্চসুগন্ধিকম্’। ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিত ‘পঞ্চ’ শব্দটিৰ যাদুকৰী প্ৰভাৱ পঞ্চামৃত, পঞ্চগব্য, পঞ্চপল্লৱ, পঞ্চৰত্ন, পঞ্চশৰ, পঞ্চগুণ, পঞ্চসৌন্দৰ্য (চুলি, মাংস, অস্থি, ছাল আৰু যৌৱন), পঞ্চযজ্ঞ, পঞ্চ মহাশব্দ (এই শব্দটো ভাস্কৰবৰ্মাৰ নিধানপুৰ লিপিত আছে) আদি নামৰ পৰাই উপলব্ধি হয়। আয়ুৰ্বেদ শাস্ত্ৰত পঞ্চমূলৰ (পাঁচবিধ মূলৰ সংমিশ্ৰণ) উল্লেখ আছে। ইয়াৰ ভিতৰত পঞ্চকোল (পিপলি, আদা আদি), পঞ্চ তিক্ত (নিম, বাহক ইত্যাদি), পঞ্চমূল কণ্টক (লেটাগুটি, শতমূল আদি), তৃণ পঞ্চমূল (কুশ, কহুৱা, কুহিয়াৰ আদি), পঞ্চ লৱণ (সৈন্ধৱ, ভোট লোণ আদি), পঞ্চ বল্কল (আহঁত, ডিমৰু, বেত আদিৰ ছাল)-ৰ উল্লেখ আছে।

অসমীয়া মানুহে অৱশ্যে পাণ-তামোলত এই আটাইকেইপদ সুগন্ধি দ্ৰব্য ব্যৱহাৰ নকৰে। পুৰণি অসমীয়া সাহিত্যত তামোলৰ লগত সুগন্ধি দ্ৰব্য খোৱাৰ উল্লেখ আছে। বিহুগীতত আছে—

থুৰিয়াই থুৰিয়াই
তামোল কাটি দিছিলা
তাৰ মাজত দিছিলা লং।

সাধাৰণতে পাণত চূণ সানিহে খোৱাৰ নিয়ম। পাণ-চূণৰ অভেদ-সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াত বহু প্ৰবাদো সৃষ্টি হৈছে। অৱশ্যে পূজা নৈবেদ্যত আগবঢ়োৱা তামোল-পাণত চূণ সনা নহয়। মুছলমানসকলৰ আগমনৰপৰা তামোল-পাণৰ লগত ধপাতৰ ব্যৱহাৰো নিয়ম হ’ল। মুখত খোৱা এই মলমলীয়া মলাধপাতৰ প্ৰস্তুত-প্ৰণালী অৱশ্যে সম্পূৰ্ণ অসমীয়া। তামোল, পাণ, চূণ আৰু ধপাত—এই চাৰিওবিধ মিলিলেহে তামোলখন সম্পূৰ্ণ হয়। এই সম্পৰ্কৰ এফাঁকি ধেমেলীয়া ফকৰা আছে—

তামোল এখন দিয়া ভকত
পাণ-চূণ তাৰ লগত ধপাত অকণ
দিবা পাছে
এহেলে সকলো লগতে আছে।

সাধাৰণতে অসমীয়া মানুহে নুথুৰিওৱা তামোল খায়। উৎসৱ-অনুষ্ঠান আৰু গুৰু-গোঁসাইৰ ঘৰতহে খোৱা হয়। কেনেকৈ কাটিব লাগে, সেই বিষয়ে নানা বিধি-নিষেধ আছে। ফলা নিষেধ। থুৰিওৱা তামোল তামোল-পাণৰ হাতেবে—

তামোল-পাণ আগবঢ়োৱা বিশেষ সা-সৰঞ্জামৰ প্ৰচলনো মন কৰিবলগীয়া।

এইবোৰৰ ভিতৰত পাণ-বটা, শৰাই মুখ্য। বটা-শৰাই বিচিত্ৰ কাৰুকাৰ্যমণ্ডিত। আগৰ দিনত এইবোৰত কলা-সুলভ দক্ষতাৰে সোণ-ৰূপৰ পানী চৰোৱা হৈছিল। কোনো কোনোৱে তামোলৰ লগত সম্বন্ধ থকা বটা-শৰাই, এই দুই সামগ্ৰী দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা অহা বুলি অনুমান কৰে। এই প্ৰসংগত তলৰ উদ্ধৃতি প্ৰণিধানযোগ্যঃ

Every Malaya house has a betel-box or betel-tray fitted with the requisites for chewing. The more humble article is made of wood or brass. It is generally about eight inches in diameter, shaped like the frustrum of a pyramid reversed, uncovered and fitted with several brass or silver boxes, one without a cover to hold accessories such as cardamons and cloves, and three covered for the essentials—catechu, lime and tobacco. Finally, there is a small case, open at each end, to hold the betel leaves (though this appears to be rare), a metal spatula for spreading the lime on them, and a curiously shaped scissors for cutting the dried areca-nut into small pieces. A complete set in old Malaya silverwork is a much-prized possession.

তামোলৰ হাঁচতি, তামোলৰ জোলোঙা, তামোলৰ কটাৰী, খুন্দনা—তামোল খোৱা প্ৰথাৰ লগত সম্বন্ধ থকা অন্যান্য সামগ্ৰী। সিংহলীসকলৰ মাজতো তামোলৰ জোলোঙাৰ প্ৰচলন আছে; এই বিষয়ে কুমাৰস্বামীয়ে লিখিছেঃ

The betel-bags vary in size from small ones carried in the waist belt, to very large ones, four feet or more in length. The latter were carried by a servant in processions or journeys, slung over the shoulder. Noblemen were never without an attendant carrying their betel-bags and lime-box; less important personages carried their own. The large bags are exactly the same in construction as the small ones—a bag of oval shape made of blue cloth lined with undyed cotton cloth, which opens nearly halfway down the whole length at the sides. The inner part is separated into two divisions. The inner divisions, again consisting of a double piece of cloth, is also used as a pocket, called hara payiya; hidden pocket; it has a very small opening at the upper end, through which spices, money and other valuables are put. Larger things are carried in the two outer pockets. The handle is made of embroidered cloth, or of a band of plaited cord, and is finished off at the end with a beautifully and ingeniously worked, and very hard bull (vegedi bōrale) and tassel (pohottuva). The outside of the bag is embroidered on both sides in red and with cotton with conventional designs, sometimes very elaborately. Bags of later makes are often done in red cloth, probably because the blue hand-made cloth could no longer be obtained; some of them are equally good, the tradition both in design and stitches being for sometime well maintained.

অসমৰ জনজাতিসকলৰ মাজতো তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচলন আছে। আও, লঠা আৰু কন্যাক নগাসকলে এই অভ্যাস অসমীয়াৰপৰা পাইছে বুলি ডক্টৰ হটনে মন্তব্য কৰিছে। গাৰোসকলৰ মাজতো এই প্ৰথা অসমীয়াৰ পৰাই শিপাইছে বুলি ৰেভাৰেণ্ড এছ. এ. ডি. বগুছে (Rev. S. A. D. Boggs) লিখি গৈছে। জনজাতিৰ ভিতৰত খাচি আৰু মিকিৰসকলেই বেছি তামোল খায়। খাচিসকলে মৃতকৰ সৎকাৰ কৰোঁতে শৱৰ ওপৰত তামোল এখন থৈ নিবেদন জনায়, “বিদায়! ভগৱানৰ ওচৰলৈ গৈ তামোল এখন খোৱাগৈ!” পূৰ্বে মৃতকৰ সৎকাৰ উৎসৱতো তামোলৰ ব্যৱহাৰ চলিছিল।

মিকিৰসকলে পথৰ দূৰত্ব তামোল এখন খোৱাৰ পৰৰ পৰাই নিৰ্ণয় কৰে; সেইকাৰণেই ভ্ৰমণত ওলালে হাঁচতিত সৰহকৈ তামোল-পাণ বান্ধি নিয়ে। এই অভ্যাস অসমীয়া গাঁৱৰ মানুহৰো আছে।

            তথ্য সংগ্ৰহ: অসমৰ লোক-সংস্কৃতি 
               প্ৰকাশক: শ্রীবিৰিঞ্চি কুমাৰ বৰুৱা 
               পৃষ্ঠা:৭৮-৮৬

Popular posts from this blog

সৌ সিদিনাৰ স্মৃতি