Posts

Showing posts with the label Article

লোক-বিশ্বাসত তামোল-পাণ

Image
তামোল-পাণৰ অসমত বিশেষ প্রচলন। ভোজবিলাসৰ বস্তু হিচাপে প্রয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্রয়োজন হয়। হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্যেতৰসকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। সংস্কৃত ভাষাত তামোল শব্দটোৰ ব্যৱহাৰ আছে যদিও ই অৰ্বাচীন। এই প্ৰসংগত তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী, পুগফলম্, গুৱাক আদি শব্দও তাৎপৰ্য-পূৰ্ণ। এই শব্দসমূহ সম্ভৱতঃ আৰ্যেতৰ ভাষাভাষীসকলৰপৰা আহিছে। জ্যঁ পুছিলুস্কিয়ে (Jean Przyluski) মন্‌খেমৰ বুল্ ধাতুৰ লগত তম্ উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিষ্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে। পুছিলুস্কিৰ মতে তামোল-পাণৰ লগত জড়িত পোণ, গণ্ডা, কবি, বীড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মন্‌খেমৰ ভাষাৰ পৰা। N. M. Penzer The Romance of Betel-Chewing নামৰ সুদীৰ্ঘ প্ৰবন্ধত তামোল খোৱা প্ৰথা ভাৰতবৰ্ষ, দক্ষিণ তিব্বত, দক্ষিণ চীন, শ্যাম, ইন্দোচীন, মালয়, ইষ্ট-ইণ্ডিয়ান আৰ্কিপেলেগু, মাইক্ৰনেছিয়া আৰু নিউগিনিৰ মাজত সীমাবদ্ধ কৰিছে। লেব্ৰুনাই Journal of Oriental Research, Madras অত প্ৰকাশিত প্ৰবন্ধত এই সীমাৰেখা কিছু বহলাই ধৰিছে। তেওঁ কৈছে, “...